Personal Experience

Personal Experiences (Edited 11/20) of Mr. Ganesh from South India

36 months ago, I had a severe stroke. And was hospitalized for 8 days. From the day I returned home, my life has been a bed of roses.

What I did was simple: I had a strict Ayurveda diet and went for 2x45 minutes’ walk, hand exercises (after the initial therapy of 2 years, it is GITA that I write) and an easy to do yoga. 

Today after 36 months, I say …that Stroke is mind-body exercise and Western medicine would well advised to learn from Ayurveda/Yoga and life-style changes.

I who was a very negative person before and had a 360 degree turn; thanks to my Stroke.

We are interested in your personal experience with stroke and aphasia. Please share it with us by sending it to subhash.bhatnagar@mu.edu

The Darkness of Stroke
  ষ্ট্ৰোকৰ অন্ধকাৰ

Narration by Mrs. Charlene Degroot, a stroke survivor’s wife.
(  এগৰাকী  ষ্ট্ৰোক বিজয়ীৰ পত্নী শ্ৰীমতী চাৰ্লিন ডেগৰুতৰ ভাষ্য )

আমি কেতিয়াও বিচৰা নাছিলোঁ বা আশাও কৰা নাছিলোঁ যে ষ্ট্ৰোকে আমাৰ জীবন এনেদৰে প্ৰভাৱিত কৰিব না আমি ভাবিছিলো যে আমাৰ প্ৰতিটো দিনৰ প্ৰতিটো ঘণ্টা ষ্ট্ৰোকৰ হাতোৰাত এনেদৰে  আবদ্ধ হৈ থাকিব । তথাপি এদিন এটা মূহুৰ্ততে আমাৰ জীবন সম্পূৰ্ণভাবে পৰিৱৰ্তন হৈ গল যেতিয়া মোৰ সচৰাচৰ সুস্থ স্বামীক ষ্ট্ৰোকে আঘাত কৰিলে । এই আঘাতত তেওঁ কথা কোৱাৰ লগতে বুজিব, লিখিব, পঢ়িবৰ ক্ষমতা হেৰুৱাই পেলালে। প্ৰথমৰ কিংকৰ্তব্যবিমূঢ় অৱস্থাৰ পৰা লাহে লাহে  অসহায় অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ : ক'ৰ পৰা আৰম্ভ কৰো ? কাৰ ওচৰলৈ যাওঁ? জীবনতো আকৌ কিদৰে গঢ়ো? আৰু ইমানবোৰ দৈনিক কাম কাজ কৰিবলৈ সহায় আৰু উপদেশ বিচাৰি কাৰ ওচৰলৈ যাঁও?

এনেকুৱা এক হতাশাজনক পৰিস্থিতি দূৰৰ পৰা দেখি কোনোবাই হয়তো সহানুভূতি দেখুৱাব পাৰে আৰু বুজিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু নিজৰ পৰিয়াল যেতিয়ালৈ এনেকুৱা পৰিস্থিতিত ২৪ ঘন্টাই দিনে ৰাতিয়ে থাকিবলৈ বাধ্য নহয়, তেতিয়ালৈ  দুখ আৰু কষ্টৰে পৰিপূৰ্ণ এই নতুন জীৱনক সম্পূৰ্নকৈ বুজা সম্ভৱ নহয়।

এই হাজাৰ সমস্যাৰ মাজতো আমি সোভাগ্যক্ৰমে এনে কিছু  দয়ালু আৰু পৰোপকাৰী ব্যক্তিৰ সংস্পৰ্শলৈ আহিলো, যিসকলে আমাৰ বাটত অমাক আগুৱাই যাবলৈ সহায় কৰিলে। আমি যেতিয়া ষ্ট্ৰোকৰ আঘাতৰ পিছৰ যোৱা কেইবছৰ মানলৈ উভতি চাওঁ, আমি কৃতজ্ঞ হওঁ সেই সকল লোকলৈ। সেয়া লাগিলে ফোন, সাক্ষাৎ , কাৰ্ড, মেছেজ, নিমন্ত্ৰণে হওঁক নাইবা বহুতৰে আমাৰ কাৰণে প্ৰাৰ্থনাই হওঁক - সকলোবোৰৰ বাবেই আমি কৃতজ্ঞ।

মোৰ পতি মোৰ হিৰো হয় : তেওঁ প্ৰতিদিনে কঠোৰ অধ্যয়ন কৰিছিল, নিজকে মনোবল দিছিল আৰু মোৰ "বুট কেম্প" ৰ চিকিৎসা কোনো অশান্তি নকৰাকৈ স্বইচ্ছাই সম্পন্ন কৰিছিল। সোভাগ্যক্ৰমে তেওঁ পোৱা চিকিৎসাৰ দ্বাৰা তেওঁৰ অৱস্থাৰ যথেষ্ট উন্নতি হৈছে।

প্ৰতিদিনেই এক নতুন যাত্ৰা, আৰু আমি ভগৱানক প্ৰাৰ্থনা জনাওঁ "অমাক এই যাত্ৰা সুচাৰুৰূপে কৰিবলৈ শক্তি দিয়া"

ষ্ট্ৰোক আৰু যৌনতা  (Stroke and Sexuality)

ষ্ট্ৰোক আৰু বাকৰুদ্ধ ৰোগীৰ পুনৰ্বাসন প্ৰক্ৰিয়াত যৌনতা আৰু গৰ্ভধাৰণৰ প্ৰসঙ্গ খুব কমেই আলোচিত হয় । সচৰাচৰ যিসকল ব্যক্তি ষ্ট্ৰোকৰ পূৰ্বতে যৌনসম্পৰ্কত সক্ৰিয় আছিল তেওঁলোকে পিছতো সমানেই ইচ্ছুক হৈ থাকে । পিছে পক্ষাঘাত আৰু শাৰীৰিক চেতনা কিছু লোপ পোৱা হেতুকে শাৰীৰিক সম্পৰ্ক স্থাপনত কিছু ধৰ্য্য আৰু এৰা ধৰাৰ প্ৰয়োজন । ষ্ট্ৰোকৰ পিছত হতাশা, দৰৱৰ পাৰ্শ্বক্ৰিয়া, নিজৰ পৰিবৰ্তিত ৰূপৰ বাবে সৃষ্ট উদ্বেগ আৰু শাৰীৰিক সীমাবদ্ধতাৰ বাবে কিছু সময়ৰ কাৰণে শাৰিৰীক সম্পৰ্ক স্থাপনত কিছুলোকে অনিচ্ছা প্ৰকাশ কৰিব পাৰে ।

যদি প্ৰভাৱিত লোকগৰাকী গৰ্ভধাৰণৰ বাবে সক্ষম বয়সৰ নাৰী হয় , তেওঁৰ প্ৰজনন ক্ষমতাৰ কোনো হীন দেৰি হোৱাৰ সম্ভাৱনা নাথাকে । তথাপিও এনে পৰিকল্পনাৰ আগতেই গৰ্ভধাৰণৰ প্ৰয়োজন চালি জাৰী চোৱা আৰু সন্তানৰ যত্ন লোৱাৰ ব্যৱস্থা কৰাটো দৰকাৰ । গৰ্ভধাৰণৰ শৰীৰৰ ওপৰত প্ৰভাৱ আৰু সম্ভাব্য বিপদৰ বিষয়ে আপোনাৰ  ডাক্তৰৰ লগত আলোচনা কৰা উচিত। এই আলোচনা অতি প্ৰয়োজনীয় যিহেতু গৰ্ভধৰণ কৰাটোও কিছুমান স্বাস্থ্যজনিত সমস্যাত ভোগা নাৰীৰ বাবে ষ্ট্ৰোকৰ কাৰণ হব পাৰে ( বিশেষকৈ ৰক্তক্ষৰণ জনিত) ।

গৰ্ভধাৰণৰ সময়ত হোৱা ষ্ট্ৰোক নাৰীগৰাকী আৰু তেওঁৰ গৰ্ভত থকা সন্তান দুয়োৰে কাৰণে বিপদৰ কাৰণ হব পাৰে । তেনেকুৱা পৰিস্থতিত তেওঁৰ পৰিয়ালে শীঘ্ৰেই কোনো স্নায়বিক বিভাগ আৰু নবজাতক চিকিৎসাৰ সুবিধা থকা চিকিৎসালয়ৰ ওচৰ চপা টো প্ৰয়োজনীয় ।

 

News & Events

The Family Guide (Facts about Aphasia and Stroke) has been published in Bengali and is available on request from Ratna Sagar Publishers, New Delhi.

Read More

Disclaimer

This association cannot offer any medical advice or assess any medical-neurological condition.

Read More

Site Designed by Premier Technologies